সমললৈ যাওক

কম্বোডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কম্বোডিয়া
Image
প্ৰেয়াহ্‌ ৰিয়াচিয়ানাচক্‌ কম্পুচিয়া
Flag of কম্বোডিয়া
Flag
Motto: Image
"ৰাষ্ট্ৰ, ধৰ্ম, ৰজা" ("Nation, Religion, King")
Anthem: নোকো ৰীচ
Location of কম্বোডিয়া
ৰাজধানী
and largest city
ফনম পেন
Official languagesখমেৰ ভাষা, ফৰাচী ভাষা
Demonymকম্বোডিয়ান
Governmentসাংবিধানিক ৰাজতন্ত্ৰ
 ৰজা
নোৰোডম চিহামণি
 প্ৰধানমন্ত্ৰী
হুন চেন
স্বাধীনতা
 ফ্ৰান্সৰ পৰা
৯ নৱেম্বৰ ১৯৫৩
Area
 Total
1,81,035 বৰ্গ কি.মি. (৬৯,৮৯৮ বৰ্গ মাইল) (৮৯ তম)
 Water (%)
2.5%
Population
 ২০১৪ estimate
১৫,৪৫৮,৩৩২[1] (৬৫ তম)
 ২০০৮ census
১৩'৩৮৮,৯১০[2]
 Density
81.8 /কিমি (২১১.৯ /বৰ্গ মাইল) (118th)
GDP (PPP)২০০৬ estimate
 Total
$৩৬.৮২ বিলিয়ন (৮৯ তম)
 Per capita
$২,৬০০ (১৩৩ তম)
HDI (২০০৪)বৃদ্ধি০.৫৮৩
Error: Invalid HDI value (১২৯ তম)
Currencyৰিয়েল(মুদ্ৰা) (៛)1 (KHR)
Time zoneUTC+৭
 Summer (DST)
UTC+৭
Calling code৮৫৫
Internet TLD.kh
  1. স্থানীয় মুদ্ৰা, আমেৰিকান ডলাৰ বহুলভাৱে ব্যৱহৃত হয়

কম্বোডিয়া বা কাম্বোডিয়া বা কাম্পুচিয়া দক্ষিণ-পূব এছিয়াৰ এখন দেশ। "কম্বোডিয়া" নাম (ইংৰাজী Cambodia শব্দৰ পৰা আহিছে। ইয়াৰ উৎস হ’ল স্থানীয় খ্মেৰ ভাষাপ্ৰতেহ্‌ কম্পুচিয়া (ប្រទេសកម្ពុជា) অৰ্থাৎ "কম্বোজ প্ৰদেশ"। দেশখন কাম্পুচিয়া নামেৰেও পৰিচিত। খমেৰ ভাষাত স্ৰোক্‌ খ্‌মায়্‌ (ស្រុកខ្មែរ) অৰ্থাৎ "খমেৰ দেশ" নামটিও সুপ্ৰচলিত।

কম্বোডিয়াৰ উত্তৰ-পূবে লাউচ, পূবে আৰু দক্ষিণ-পূবে ভিয়েটনাম, পশ্চিম আৰু উত্তৰ-পশ্চিমে থাইলেণ্ড আৰু দক্ষিণ-পশ্চিমে থাইলেণ্ড উপসাগৰফনম পেন দেশেৰ ৰাজধানী আৰু বৃহত্তম চহৰ।

প্ৰাচীনকালৰ পৰায়ে কম্বোডিয়াত ৰাজতন্ত্ৰ বিদ্যমান আছিল। এক হাজাৰ বছৰৰ আগতে কম্বোডিয়া খমেৰ জাতিৰ আংকৰ সম্ৰাজ্যৰ কেন্দ্ৰ আছিল। আংকৰ সম্ৰাজ্যৰ ৬০০ বছৰ ধৰি সমগ্ৰ দক্ষিণ-পূব এছিয়া বিস্তৃত আছিল। ১৮৬৩ চনৰ পৰা ১৯৫৩ চনলৈ ই ফৰাচী সকলৰ উপনিবেশ আছিল। ১৯৭০ চনত ৰাজতন্ত্ৰৰ স্থানত প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয় আৰু ১৯৭৫ চনত খমেৰ ৰুজ নামৰ এক সাম্যবাদী চৰকাৰ ক্ষমতা লাভ কৰে। তেওঁলোকে দেশখনক কাম্পুচিয়া প্ৰজাতন্ত্ৰ নাম দিয়ে। খমেৰ ৰুজৰ নিপীড়ন আৰু চৰমপন্থী সমাজতান্ত্ৰিক সংস্কাৰ কম্বোডিয়াৰ সমাজ আৰু অৰ্থনীতিক ধংশৰ পথত লৈ যায়। ১৯৭৯ চনত ভিয়েটনাম আৰু কম্বোডিয়াৰ খমেৰ ৰুজ-বিৰোধী শক্তি চৰকাৰ খনৰ পতন ঘটায় আৰু অপেক্ষাকৃত সহিষ্ণু এটি সাম্যবাদী চৰকাৰ গঠন কৰে। ১৯৮৯ চনত দেশখনে সমাজতন্ত্ৰ পৰিত্যাগ কৰে আৰু ১৯৯৩ চনত এক নতুন সংবিধান গ্ৰহণ কৰা হয়। নতুন সংবিধানত ৰাজতন্ত্ৰ পুনঃপ্ৰতিষ্ঠা কৰা হয়।

বিশ্বৰ আটাইতকৈ বিশাল ধাৰ্মিক উপাসনাস্থলী তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ অংকৰ ৱাত মন্দিৰ ইয়াতেই অৱস্থিত।

কম্বোডিয়া সম্পূৰ্ণৰূপে ক্ৰান্তীয় অঞ্চলত অৱস্থিত। সেয়ে ইয়াৰ জলবায়ু উষ্ণ আৰু আদ্ৰ। মেকং নদী ইয়াৰ গুৰুত্বপূৰ্ণ নদী। এই নদী দেশখনৰ সোঁমাজেৰে পাৰ হৈ গৈছে। মেকং নদী কম্বোডিয়াৰ মূল পানীৰ উৎস। দেশখন আকাৰৰ ফালৰ পৰা মিছৌৰীৰ সমান।

অৰ্থনীতি

[সম্পাদনা কৰক]
Image
কম্বোডিয়াৰ ৰাজপ্ৰসাদ

বৰ্তমান সময়ত কম্বোডিয়াৰ অৰ্থনীতি দ্ৰুত গতিত আগবাঢ়িছে। কম্বোডিয়ায়ে ইয়াৰ প্ৰথম সুউচ্চ আকাশলংঘি অট্টালিকা গোল্ড টাৱাৰ ৪২ নিৰ্মাণ কৰাৰ পথত। ফেনম পেনহ চহৰৰ কাষতে কামক' চিটি নামৰ এক আধুনিক উপগ্ৰহ চহৰ নিৰ্মাণ কৰি থকা হৈছে। কোৰিয়ান বিনিয়োগকাৰী সকলৰ দ্বাৰা এই চহৰ নিৰ্মাণ কৰি থকা হৈছে। ইয়াৰ মূল উদ্দেশ্য হ’ল ফেনম পেনহক এক আধুনিক ৰূপ প্ৰদান কৰা আৰু বিদেশী বিনিয়োগ বৃদ্ধি কৰা। কম্বোডিয়া বিশ্বৰ অন্যতম শীৰ্ষ দুৰ্নীতিগ্ৰস্ত দেশ হিচাপে জনাজাত। প্ৰাকৃতিক সম্পদ আৰু পৰ্যটন ইয়াৰ অৰ্থনীতিৰ মূল ভেটি।

জনগাঁথনি

[সম্পাদনা কৰক]

খামেৰ বা কম্বোডিয়ান সকল ইয়াৰ মূল অধিবাসী। অন্যান্য উল্লেখযোগ্য সংখ্যালঘু সম্প্ৰদায় সমূহ হল: চীনা, ভিয়েটনামী, মুছলমান চাম-মালয়, লাওটিয়ান আৰু বিভিন্ন ওচৰৰ পাহাৰীয়া জনগোষ্ঠী।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. Cambodia. CIA World FactBook.
  2. Cambodian National Institute of Statistics, accessed 6 June 2012.