উপযোগিতাবাদ
উপযোগিতাবাদ (ইংৰাজী: Utilitarianism) হৈছে নীতিশাস্ত্ৰৰ এক প্ৰকাৰৰ তত্ত্ব, যি প্ৰভাৱিত ব্যক্তিসকলৰ সুখ আৰু কল্যাণ সৰ্বাধিক কৰা কাৰ্যসমূহৰ ওপৰত গুৰুত্ব দিয়ে।[1][2] অৰ্থাৎ, উপযোগিতাবাদী চিন্তাধাৰাই সৰ্বাধিক সংখ্যক মানুহৰ বাবে সৰ্বাধিক কল্যাণ সাধন কৰা কাৰ্যক উৎসাহিত কৰে। যদিও উপযোগিতাবাদৰ বিভিন্ন প্ৰকাৰে ভিন্ন ভিন্ন চৰিত্ৰ প্ৰদৰ্শন কৰে, তথাপিও এই সকলোবোৰৰ মূল ভিত্তি হৈছে কোনো এক প্ৰকাৰে 'উপযোগিতা' (utility) সৰ্বাধিক কৰা, যাক প্ৰায়েই সামগ্ৰিক কল্যাণ বা তেনে সম্পৰ্কীয় ধাৰণাৰে সংজ্ঞায়িত কৰা হয়। উদাহৰণস্বৰূপ, উপযোগিতাবাদৰ প্ৰতিষ্ঠাতা জেৰেমী বেন্থালে 'উপযোগিতা'ক এনে এক ক্ষমতা হিচাপে বৰ্ণনা কৰিছিল, যাৰ দ্বাৰা কোনো কাৰ্য বা বস্তুৱে প্ৰভাৱিত ব্যক্তিসকলৰ বাবে লাভাগ্ৰহণ, আনন্দ, সুখ আৰু কল্যাণ কঢ়িয়াই আনিব পাৰে অথবা ক্ষতি, বেদনা আৰু অসন্তুষ্টি প্ৰতিৰোধ কৰিব পাৰে।
উপযোগিতাবাদ হৈছে পৰিণামবাদ (consequentialism)-ৰ এটা ৰূপ, য’ত কোৱা হয় যে যিকোনো কাৰ্যৰ পৰিণাম বা ফলাফলেই হৈছে ভাল-বেয়া বা শুদ্ধ-অশুদ্ধ বিচাৰ কৰাৰ একমাত্ৰ মাপকাঠী। পৰিণামবাদৰ অন্যান্য ৰূপ যেনে— অহংবাদ (egoism) আৰু পৰাৰ্থবাদ (altruism)-ৰ দৰে নহয়, সমতাবাদী উপযোগিতাবাদে সমগ্ৰ মানৱজাতি বা সকলো চেতনাসম্পন্ন জীৱৰ স্বাৰ্থক সমভাৱে বিবেচনা কৰে। উপযোগিতাবাদৰ সমৰ্থকসকলৰ মাজত কেইবাটাও বিষয়ত মতানৈক্য আছে, যেনে— সম্ভাৱ্য ফলাফলৰ ওপৰত ভিত্তি কৰি কাৰ্য বাছনি কৰা উচিত নে, নে উপযোগিতা সৰ্বাধিক কৰা নিয়মসমূহকহে মানি চলা উচিত শ। আকৌ সামগ্ৰিক উপযোগিতা (total utilitarianism) নে গড় উপযোগিতা (average utilitarianism) সৰ্বাধিক কৰা উচিত, তাক লৈও মতভেদ দেখা পোৱা যায়।
এই তত্ত্বৰ বীজ সুখবাদী এৰিষ্টীপাছ আৰু এপিকুৰাছৰ দৰ্শনত পোৱা যায়, যিসকলে সুখক একমাত্ৰ কল্যাণ বুলি গণ্য কৰিছিল। ইয়াৰ উপৰিও প্ৰাচীন চীনৰ দাৰ্শনিক ম’জিৰ ৰাজ্যিক পৰিণামবাদ, যিয়ে লাভ সৰ্বাধিক কৰা আৰু ক্ষতি হ্ৰাস কৰাৰ তত্ত্ব বিকাশ কৰিছিল, আৰু মধ্যযুগীয় ভাৰতীয় দাৰ্শনিক শান্তীদেৱৰ কৰ্মৰাজিতো ইয়াৰ আভাস পোৱা যায়। আধুনিক উপযোগিতাবাদৰ পৰম্পৰা জেৰেমী বেন্থালৰ পৰা আৰম্ভ হৈছিল আৰু ইয়াক জন ষ্টুৱাৰ্ট মিল, হেনৰী চিদৱিক, আৰ. এম. হেয়াৰ আৰু পিটাৰ ছিংগাৰৰ দৰে দাৰ্শনিকসকলে আগুৱাই লৈ গৈছিল। এই ধাৰণাটো সমাজ কল্যাণ অৰ্থনীতি, ন্যায়ৰ প্ৰশ্ন, গোলকীয় দৰিদ্ৰতাৰ সংকট, খাদ্যৰ বাবে পশুপালনৰ নৈতিকতা আৰু মানৱ জাতিৰ বাবে মহাবিনাশৰ বিপৰ্যয় এৰাই চলাৰ গুৰুত্ব আদি ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছে।
ব্যুৎপত্তি
[সম্পাদনা কৰক]জেৰেমী বেন্থালৰ দ্বাৰা প্ৰতিষ্ঠিত উপযোগিতাবাদী দৰ্শন 'বেন্থামবাদ'ক তেওঁৰ উত্তৰাধিকাৰী জন ষ্টুয়াৰ্ট মিলে যথেষ্ট সংশোধন কৰিছিল আৰু 'উপযোগিতাবাদ' (utilitarianism) শব্দটো জনপ্ৰিয় কৰি তুলিছিল।[3] ১৮৬১ চনত মিলে উল্লেখ কৰিছিল যে তেওঁ নিজেই 'ইউটিলিটেৰিয়ান' শব্দটো প্ৰথম ব্যৱহাৰ কৰা ব্যক্তি বুলি বিশ্বাস কৰাৰ কাৰণ আছে, যদিও তেওঁ ইয়াক উদ্ভাৱন কৰা নাছিল, বৰঞ্চ জন গাল্টৰ ১৮২১ চনৰ উপন্যাস 'এনেলছ অৱ দ্য পেৰিছ'ত প্ৰকাশ পোৱা এক খণ্ড বাক্যৰ পৰা গ্ৰহণ কৰিছিল।[4] অৱশ্যে, মিল সম্ভৱতঃ অৱগত নাছিল যে বেন্থালে ইতিপূৰ্বে ১৭৮১ চনত জৰ্জ উইলছনলৈ আৰু ১৮০২ চনত এচিয়েন ডুমণ্টলৈ লিখা পত্ৰত 'ইউটিলিটেৰিয়ান' শব্দটো ব্যৱহাৰ কৰিছিল।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Duignan, Brian. [1999] 2000. "Utilitarianism" (revised). Encyclopædia Britannica. Retrieved 5 July 2020.
- ↑ "Utilitarianism" (en-US ভাষাত). প্ৰকাশক Austin, TX: McCombs School of BusinessEthics Unwrapped. https://ethicsunwrapped.utexas.edu/glossary/utilitarianism। আহৰণ কৰা হৈছে: 2020-05-27.
- 1 2 Habibi, Don (2001). "Mill's Moral Philosophy". John Stuart Mill and the Ethic of Human Growth. প্ৰকাশক Dordrecht: Springer Netherlands. পৃষ্ঠা. 89–90, 112. doi:10.1007/978-94-017-2010-6_3. ISBN 978-90-481-5668-9.
- ↑ Mill, John Stuart. 1861. wikisource:Utilitarianism. n1.