সমললৈ যাওক

ডলাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Image
  ডলাৰ ব্যৱহাৰকাৰী দেশসমূহ
  আমেৰিকান ডলাৰ ব্যৱহাৰকাৰী দেশসমূহ
  পূৰ্বতে ডলাৰ ব্যৱহাৰ কৰা দেশসমূহ
Image
আমেৰিকান দুই ডলাৰ বিল

ডলাৰ (ইংৰাজী: Dollar) হৈছে বিভিন্ন দেশত প্ৰচলিত কেইবাপ্ৰকাৰৰ মুদ্ৰাৰ সমূহীয়া নাম। ডলাৰক পেচ’ বা $ চিহ্নৰদ্বাৰা বুজোৱা হয়। এই মুদ্ৰাসমূহ হৈছে অষ্ট্ৰেলিয়ান ডলাৰ, বেলিজ ডলাৰ, ব্ৰুনেই ডলাৰ, কানাডিয়ান ডলাৰ, হংকং ডলাৰ, জামাইকান ডলাৰ, নামিবিয়ান ডলাৰ, নিউজিলেণ্ড ডলাৰ, চিংগাপুৰ ডলাৰ, চুৰিনাম ডলাৰ, নিউ টাইৱান ডলাৰ আৰু আমেৰিকান ডলাৰ। জিম্বাবৱেতো পূৰ্বতে ডলাৰ ব্যৱহাৰ কৰা হৈছিল। আমেৰিকান ডলাৰ পূব টাইমৰ, ইকুৱেডৰ, এল ছালভাডৰ, মাইক্ৰনেছিয়ান ৰাষ্ট্ৰপুঞ্জ, মাৰ্শ্বেল দ্বীপপুঞ্জ, পালাও আৰু কেৰিবিয়ান দ্বীপপুঞ্জৰ আনুষ্ঠানিক মুদ্ৰা। এক ডলাৰক সাধাৰণতে ১০০ চেণ্টত ভঙোৱা হয়।

ডলাৰৰ ইতিহাস আৰম্ভ হয় ১৫২০ চনত। সেই বছৰৰ ১৫ জানুৱাৰীত ব’হেমিয়া সাম্ৰাজ্যই জ’কিমস্থেলাৰত থলুৱাভাৱে আহৰণ কৰা ৰূপৰ মোহৰৰ প্ৰচলন কৰে। এই মোহৰবিলাকক জ’কিমস্থেলাৰ বুলি কোৱা হৈছিল। পিছলৈ ইয়াক চমুৱাই থেলাৰ বা টেলাৰ নামেৰে ব্যৱহাৰ কৰা হয়। লাহে লাহে এই নামটো ভিন্ন ৰূপত বিভিন্ন ভাষালৈ বিয়পি পৰে: চেজ ভাষাত টলাৰ, হাংগেৰিয়ান ভাষাত টেলাৰ, দানিছ আৰু নৰৱেয়ান ভাষাত ৰিংচডেলাৰ, চুইডিছ ভাষাত ৰিকচডেলাৰ, আইচলেণ্ডিক ভাষাত ডালোৰ, ওলন্দাজ ভাষাত ৰিকচ ডালডেৰ বা ডেলাৰ আৰু ওলন্দাজ ভাষাৰ পৰা ইংৰাজীলৈ ডলাৰ।[1]

পৰৱৰ্ত্তী কালৰ সিংহৰ প্ৰতিকৃতি সম্বলিত ওলন্দাজ মোহৰক লিউৱেনডালডেৰ বা লিউৱেনডেলাৰ অৰ্থাৎ সিংহ ডেলাৰ বুলি কোৱা হৈছিল। ওলন্দাজ গণৰাজ্যই এই মোহৰবোৰ ক্ৰমাৎ বাঢ়ি অহা ইয়াৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ সুবিধাৰ বাবে প্ৰচলন কৰিছিল। লিউৱেনডেলাৰ সমগ্ৰ মধ্যপ্ৰাচ্যতে প্ৰচলিত হোৱাৰ লগতে ভালেকেইখন জাৰ্মান আৰু ইটালিয়ান নগৰে ইয়াৰ অনুকৰণ কৰিছিল। আমেৰিকাৰ ১৩টা ক’লনিত ইয়াৰ প্ৰচলন আছিল। ক’লনিসমূহত প্ৰচলিত ফটা-চিটা নোটসমূহক ডগ ডলাৰ (dog dollars) বোলা হৈছিল।[2] লিউৱেনডেলাৰ লায়ন ডলাৰ (lion or lyon dollar) হিচাপে জনপ্ৰিয় আছিল।[3][4] ৰোমানিয়া আৰু বুলগেৰিয়াৰ বৰ্ত্তমানৰ প্ৰচলিত মুদ্ৰা হৈছে লায়ন (leu/leva)। ডলাৰৰ আধুনিক আমেৰিকান-ইংৰাজী যি উচ্চাৰণ সেয়া ১৭ শতিকাৰ ওলন্দাজ ডেলাৰৰ সৈতে মিলে।[5] লায়ন ডলাৰৰ সৈতে একে ওজন আৰু আকৃতিৰ স্পেনিচ পেচ’ক স্পেনিচ ডলাৰ বোলা হৈছিল।[5][6] ১৮ শতিকাৰ মাজভাগলৈ স্পেনিচ ডলাৰে লায়ন ডলাৰৰ ঠাই দখল কৰে আৰু ই স্পেনিচ ক’লনি আৰু ফিলিপাইনচত বিয়পি পৰে।[6][7][8][9][10]

ডলাৰ চিহ্ন

[সম্পাদনা কৰক]

ডলাৰৰ চিহ্ন "ps" সৰ্বপ্ৰথম ৭০ৰ দশকত ব্যৱসায় সংক্ৰান্তত স্পেনিচ আমেৰিকান পেচ’ৰ (স্পেনিচ ডলাৰৰ ব্ৰিটিছ উত্তৰ আমেৰিকাত প্ৰচলিত নাম) চমু ৰূপ হিচাপে ব্যৱহৃত হৈছিল।[11][12] ১৮ শতিকাৰ শেষভাগৰ আৰু ১৯ শতিকাৰ আৰম্ভণিৰ হাতেলিখা নথি আদিত দেখা যায় যে s আখৰটো সেই সময়লৈ p-ৰ ওপৰত লিখা গৈছিল আৰু চিহ্নটোৱে "$"-ৰ দৰে আকাৰ লৈছিল। ১৭৮৫ চনত আমেৰিকাই আমেৰিকান ডলাৰৰ প্ৰৱৰ্ত্তন কৰোঁতে এই নতুন চিহ্নটোক বাহাল ৰখাৰ সিদ্ধান্ত লোৱা হয়।[13][14][15][16][17]

আমেৰিকাত প্ৰৱৰ্ত্তন

[সম্পাদনা কৰক]

আমেৰিকান বিপ্লৱৰ সময়লৈ স্পেনিচ ডলাৰে বিশেষ গুৰুত্ব পাইছিল কিয়নো ক’লনিসমূহ আৰু কণ্টিনেণ্টেল কংগ্ৰেছে অনুমোদন কৰা কাগজৰ মুদ্ৰাসমূহ ই পুনৰ ঘূৰাই আনিছিল।[7] ১৩টা ক’লনিৰ প্ৰত্যেকতে প্ৰচলিত স্পেনিচ ডলাৰে ভাৰ্জিনিয়াত (১৩টা ক’লনিৰ এটা) আইনী মৰ্যাদা পাইছিল।

১৭৯২ চনৰ ২ এপ্ৰিলত আমেৰিকান ট্ৰেজাৰীৰ সচিব আলেকজেণ্ডাৰ হেমিল্টনে ৰাষ্ট্ৰসমূহত প্ৰচলিত স্পেনিচ ডলাৰৰ মুদ্ৰাত ৰূপৰ পৰিমাণৰ বিষয়ে প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পিছত ৩৭১ ৪/১৬ গ্ৰেইন (২৪.০৫৭ গ্ৰাম) ওজনৰ বিশুদ্ধ ৰূপ অথবা ৪১৬ গ্ৰেইনৰ মান্য ৰূপৰ এককত আমেৰিকান ডলাৰৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হয়[18][19] ইয়াৰ লগতে কম মূল্যৰ মুদ্ৰাসমূহত ৰূপৰ পৰিমাণ এক ডলাৰৰ মুদ্ৰাত থকা পৰিমাণৰ সমানুপাতিক হিচাপে থিৰ কৰা হয়।

১৮৩৭ চনৰ জানুৱাৰীত এক আইনৰ যোগে ডলাৰত ৰূপৰ বাহিৰে থাকিবলগা ধাতুৰ পৰিমাণ ১৫% নিৰ্ধাৰণ কৰা হয়। ১৮৫৩ চনৰ ২১ ফেব্ৰুৱাৰীত কম মূল্যৰ মুদ্ৰাসমূহত ৰূপৰ পৰিমাণ হ্ৰাস কৰা হয়। পিছলৈ আমেৰিকান মুদ্ৰাত থাকিবলগা ধাতুৰ প্ৰকাৰ আৰু পৰিমাণ সন্দৰ্ভত বিভিন্ন আইন প্ৰনয়ণ কৰা হয় আৰু বৰ্তমান আমেৰিকান আইনত ডলাৰৰ কোনো আইনী সংজ্ঞা পোৱা নাযায়।[20][21][22]

১৯৬৫ চনলৈ আমেৰিকান মুদ্ৰাৰ পৰা ৰূপ প্ৰায় আঁতৰাই পেলোৱা হয় আৰু ডলাৰ এক মুক্ত বিনিময়যোগ্য মুদ্ৰা হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই বৰ্ত্তমান সময়তো ৰূপৰ এক ডলাৰ মুদ্ৰা মুদ্ৰিত কৰে যদিও ই সাধাৰণ বিতৰণৰ বাবে নহয়।

ইংলেণ্ডত ব্যৱহাৰ

[সম্পাদনা কৰক]

উইলিয়াম শ্বেইকছপীয়েৰৰ নাটকসমূহৰ বহ ঠাইত ডলাৰক মুদ্ৰা হিচাপে অভিহিত কৰা হৈছে। ১৬ আৰু ১৭ শতিকাত থিছল ডলাৰ নামেৰে জনাজাত একপ্ৰকাৰৰ মুদ্ৰা স্কটলেণ্ডত প্ৰচলিত আছিল।[23]

১৮০৪ চনত ব্ৰিটিছ ৫ শ্বিলিং বা ক্ৰাউনকো কেতিয়াবা ডলাৰ বুলি কোৱা হৈছিল আৰু এই মুদ্ৰাসমূহৰ মূল আছিল স্পেনিচ ডলাৰ। ১৮১১ চনলৈকে এই মুদ্ৰাবোৰ প্ৰচলিত আছিল।

অন্যান্য ঠাইত ব্যৱহাৰ

[সম্পাদনা কৰক]

১৯ শতিকা আৰু বিংশ শতিকাৰ আৰম্ভণিতে চীনৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপান আদি দেশে ৰূপৰ বাণিজ্যিক ডলাৰ মুদ্ৰিত কৰিছিল। এনে ডলাৰসমূহত চীনা আখৰ অংকিত থকাৰ লগতে ইয়াৰ ওজন দেশত ব্যৱহৃত মুদ্ৰাতকৈ ভিন্ন আছিল।

অন্যান্য দেশৰ ডলাৰ

[সম্পাদনা কৰক]
Image
নিউজিলেণ্ডৰ ডলাৰ
Image
পুৰণি প্ৰথম জিম্বাবৱেয়ান ৫০০ ডলাৰ
Image
জিম্বাবৱেৰ মহা-মুদ্ৰাস্ফিতীৰ সময়ত অনুমোদিত ১০০ বিলিয়ন ডলাৰৰ এখন বিশেষ কৃষি চেক

১৮৭৩ চনৰ প্ৰথমভাগলৈ বিশ্বৰ বিভিন্ন প্ৰান্তত ৰূপৰ মুদ্ৰাৰ প্ৰচলন আছিল। ১৮৭০ চনত আৰম্ভ হোৱা ফ্ৰান্স-জাৰ্মান যুদ্ধৰ বাবে জাৰ্মান সাম্ৰাজ্যই ১৮৭১ চনত ৰূপৰ থেলাৰ মুদ্ৰণ কৰাটো বন্ধ কৰে আৰু ইয়াৰ ফলস্বৰূপে বিশ্বত ৰূপৰ মূল্যৰ অৱনতি ঘটে।[24] ইয়াৰ ফলত ইউ এছ মুদ্ৰা আইন ১৮৭৩-ৰ জন্ম হয় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ বাস্তৱিকতে স্বৰ্ণ মান্যতাপ্ৰাপ্ত (gold standard) দেশলৈ পৰিৱৰ্তিত হয়। ইয়াৰ বিপৰীতে কানাডা আৰু নিউফাউণ্ডলেণ্ডে ইতিমধ্যে স্বৰ্ণ মান্যতা গ্ৰহণ কৰিছিল। ফলস্বৰূপে উত্তৰ আমেৰিকাৰ ডলাৰৰ মূল্য অন্যান্য ঠাইত যেনে লেটিন আমেৰিকা আৰু সুদুৰ প্ৰাচ্যত ব্যৱহৃত ৰুপৰ ডলাৰৰ তুলনাত বৃদ্ধি পায়। ১৯০০ চনলৈ ৰূপৰ ডলাৰৰ মূল্য স্বৰ্ণ ডলাৰৰ ৫০% লৈ হ্ৰাস পায়। ১৯৩১ চনত কানাডাই স্বৰ্ণ মান্যতা ত্যাগ কৰাৰ পিছতেই কানাডিয়ান ডলাৰ আৰু আমেৰিকান ডলাৰৰ সংযোগ ব্যৱধান আহি পৰে।

কিছুসংখ্যক দেশে ডলাৰ নামটো অন্য ডলাৰৰ সৈতে কোনোধৰণৰ সংযোগ নথকা মুদ্ৰাৰ বাবেও ব্যৱহাৰ কৰিবলৈ লয়। এনে দেশসমূহৰ ভালেসংখ্যকৰ মুদ্ৰা ব্যৱস্থা পূৰ্বতে দশমিকীকৰণ ব্যৱস্থাৰ ভিতৰুৱা নাছিল। অষ্ট্ৰেলিয়ান ডলাৰ, নিউজিলেণ্ড ডলাৰ, জামাইকান ডলাৰ, কে’মেন আইলেণ্ড ডলাৰ, ফিজি ডলাৰ, নামিবিয়ান ডলাৰ, ৰ’ডেচিয়ান ডলাৰ, জিম্বাবৱে ডলাৰ আৰু চ’ল’মন আইলেণ্ড ডলাৰ এনে ডলাৰৰ উদাহৰণ।

ডলাৰ ব্যৱহাৰকাৰী দেশসমূহ

[সম্পাদনা কৰক]
দেশ মুদ্ৰা ISO 4217 কোড প্ৰচলনৰ তাৰিখ পূৰ্বৰ মুদ্ৰা
Image এণ্টিগুৱা আৰু বাৰ্বুডা পূব কেৰিবিয়ান ডলাৰ XCD
Image অষ্ট্ৰেলিয়া আৰু ইয়াৰ শাসনাধীন অঞ্চল অষ্ট্ৰেলিয়ান ডলাৰ AUD ১৯৬৬-০২-১৪ অষ্ট্ৰেলিয়ান পাউণ্ড ১৯১০-১৯৬৬
পাউণ্ড ষ্টাৰলিং ১৮২৫-১৯১০
Image বাহামাছ বাহামিয়ান ডলাৰ BSD বাহামিয়ান পাউণ্ড
Image বাৰ্বাড'ছ বাৰ্বাডিয়ান ডলাৰ BBD
Image বেলাইজ বেলিজ ডলাৰ BZD 1973 ব্ৰিটিছ হণ্ডুৰাম ডলাৰ
Image বাৰ্মুদা বাৰ্মুডা ডলাৰ BMD
Image ব্ৰুণেই ব্ৰুনেই ডলাৰ

(চিংগাপুৰ ডলাৰৰ লগত)

BND

(SGD)

Image কানাডা কানাডিয়ান ডলাৰ CAD ১৮৫৮ কানাডিয়ান পাউণ্ড ১৮৪১-১৮৫৮
স্পেনিচ ডলাৰ ১৮৪১ লৈকে
নিউফাউণ্ডলেণ্ড ডলাৰ, নিউফাউণ্ডলেণ্ডৰ অধীনস্থ ঠাইসমূহত ১৯৪৯ লৈকে
Image কেমেন দ্বীপপুঞ্জ কেমেন আইলেণ্ডচ ডলাৰ KYD
Image ডমিনিকা ইষ্ট কেৰিবিয়ান ডলাৰ XCD
Image টিমুৰ লেষ্টে আমেৰিকান ডলাৰ USD
Image ইকুৱেডৰ আমেৰিকান ডলাৰ USD ২০০১ ইকুৱেডৰিয়ান ছাক্ৰেই
Image এল চালভাড’ৰ আমেৰিকান ডলাৰ USD ২০০১-০১-০১ চালভাদ’ৰান ক’ল’ন
Image ফিজি ফিজিয়ান ডলাৰ FJD
Image গ্ৰেনেডা ইষ্ট কেৰিবিয়ান ডলাৰ XCD
Image গুৱানা গুয়ানিজ ডলাৰ GYD
Image হংকং হংকং ডলাৰ HKD ১৮৬৩ টকা, স্পেনিচ ৰিয়েল, চীনা মুদ্ৰা
Image জামাইকা জামাইকান ডলাৰ JMD ১৯৬৯ জামাইকান পাউণ্ড
Image কিৰিবাছ কিৰিবাতি ডলাৰ (অষ্ট্ৰেলিয়ান ডলাৰৰ সৈতে) N/A/AUD
Image লাইবেৰিয়া লিবেৰিয়ান ডলাৰ LRD
Image মাৰ্ছাল দ্বীপপুঞ্জ আমেৰিকান ডলাৰ USD
Image মাইক্ৰ’নেছিয়া আমেৰিকান ডলাৰ USD
Image নামিবিয়া নামিবিয়ান ডলাৰ (দক্ষিণ আফ্ৰিকান ৰাণ্ডৰ সৈতে) NAD ১৯৯৩ দক্ষিণ আফ্ৰিকান ৰাণ্ড
Image নাউৰু অষ্ট্ৰেলিয়ান ডলাৰ AUD
Image নিউজিলেণ্ড আৰু ইয়াৰ শাসনাধীন অঞ্চল নিউজিলেণ্ড ডলাৰ NZD ১৯৬৭ নিউজিলেণ্ড পাউণ্ড
Image পালাউ আমেৰিকান ডলাৰ USD
Image ছেইণ্ট কিট্টিচ আৰু নেভিচ ইষ্ট কেৰিবিয়ান ডলাৰ XCD
Image ছেইণ্ট লুছিয়া ইষ্ট কেৰিবিয়ান ডলাৰ XCD
Image ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ ইষ্ট কেৰিবিয়ান ডলাৰ XCD
Image ছিংগাপুৰ চিংগাপুৰ ডলাৰ SGD
Image চল’মন দ্বীপপুঞ্জ চ’ল’মন আইলেণ্ডচ ডলাৰ SBD
Image ছুৰিনাম চুৰিনামিজ ডলাৰ SRD ২০০৪ ছুৰিনেমিজ গিল্ডাৰ
Image টাইৱান নিউ টাইৱান ডলাৰ TWD ১৯৪৯
Image ট্ৰিনিদাদ আৰু ট'বেগ'‎ ট্ৰিনিদাদ এণ্ড টবেগ’ ডলাৰ TTD
Image টুভালু টুভালুৱান ডলাৰ (অষ্ট্ৰেলিয়ান ডলাৰৰ সৈতে) N/A/ AUD
Image আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ শাসনাধীন অঞ্চল আমেৰিকান ডলাৰ USD ১৭৯২ স্পেনিচ ডলাৰ
কলনিয়েল লিপি
Image জিম্বাৱৱে আমেৰিকান ডলাৰ[25] USD জিম্বাবৱেয়ান ডলাৰ


ডলাৰ ব্যৱহাৰকাৰী অন্যান্য অঞ্চলসমূহ

[সম্পাদনা কৰক]


ডলাৰ গ্ৰহণকাৰী দেশসমূহ

[সম্পাদনা কৰক]

পূৰ্বতে ডলাৰ ব্যৱহাৰকাৰী দেশসমূহ

[সম্পাদনা কৰক]
  • মালয়েচিয়া: মালয়েচিয়ান ৰিংগিটক পূৰ্বতে মালয়েচিয়ান ডলাৰ বুলি কোৱা হৈছিল। ইংলেণ্ডৰ পৰা স্বাধীনতা লাভ কৰাৰ আগলৈকে মালয়েচিয়া আৰু কাষৰীয়া ঠাইসমূহে বিভিন্ন প্ৰকাৰৰ ডলাৰ ব্যৱহাৰ কৰিছিল।
  • স্পেইন: বৰ্তমান ব্যৱহৃত ডলাৰ আৰু ইউৰো স্পেনিচ ডলাৰৰ ওচৰ সম্বন্ধীয়।
  • ৰ’ডেচিয়া: ১৯৭০ চনত ৰ’ডেচিয়ান পাউণ্ডক আঁতৰাই ৰ’ডেচিয়ান ডলাৰে দেশখনৰ মুদ্ৰাৰ ঠাই দখল কৰে আৰু ১৯৮০ চনত জিম্বাবৱে প্ৰতিষ্ঠা হোৱালৈকে ই বাহাল থাকে।
  • জিম্বাবৱে: এসময়ত জিম্বাবৱেত জিম্বাবৱে ডলাৰ ব্যৱহাৰ কৰা হৈছিল। পিছলৈ দেশখনে দক্ষিণ আফ্ৰিকান ৰাণ্ড, আমেৰিকান ডলাৰ,[28] ইউৰো, পাউণ্ড ষ্টাৰলিং আৰু বটছৱানা পোলা গ্ৰহণ কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Why Is The Dollar Sign A Letter S?". Observation Deck. Archived from the original on 2015-05-04. https://web.archive.org/web/20150504043744/http://observationdeck.io9.com/why-is-the-dollar-sign-a-letter-s-1683940575 আহৰণ কৰা হৈছে: 2015-02-09.
  2. "Lion Dollar — Introduction". Archived from the original on 1 May 2019. https://web.archive.org/web/20190501174259/https://coins.nd.edu/ColCoin/ColCoinIntros/Lion-Dollar.intro.html আহৰণ কৰা হৈছে: 6 October 2014.
  3. Taxation in Colonial America. http://books.google.nl/books?id=0j6GvkVvAGsC&lpg=PA490&dq=New%20York%20leeuwendaalder&hl=nl&pg=PA154#v=onepage&q=thaler&f=false আহৰণ কৰা হৈছে: 6 October 2014.
  4. "Dutch Colonial - Lion Dollar". http://coins.lakdiva.org/netherlands/1644_wes_lion_daalder_ag.html আহৰণ কৰা হৈছে: 6 October 2014.
  5. 1 2 "etymologiebank.nl". http://www.etymologiebank.nl/trefwoord/dollar আহৰণ কৰা হৈছে: 6 October 2014.
  6. 1 2 Taxation in Colonial America. http://books.google.nl/books?id=0j6GvkVvAGsC&lpg=PA490&dq=Dutch%20Daalder&hl=nl&pg=PA154#v=onepage&q=dutch%20daalder&f=false আহৰণ কৰা হৈছে: 6 October 2014.
  7. 1 2 Julian, R.W. (2007). All About the Dollar. Numismatist. p. 41.
  8. Cross, Bill (2012). Dollar Default: How the Federal Reserve and the Government Betrayed Your Trust. পৃষ্ঠা. 17–18. ISBN 9781475261080.
  9. National Geographic. June 2002. p. 1. Ask Us.
  10. The First Modern Economy. http://books.google.nl/books?id=1Wj22AJfmXgC&lpg=PA488&dq=negotiepenningen&hl=nl&pg=PA84#v=snippet&q=trade%20coins&f=false আহৰণ কৰা হৈছে: 6 October 2014.
  11. Lawrence Kinnaird (July 1976). "The Western Fringe of Revolution," The Western Historical Quarterly 7(3), 259.
  12. "Origin of Dollar Sign is Traced to Mexico", Popular Science খণ্ড 116 (2): 59, 1930, ISSN 0161-7370, http://books.google.com/books?id=4ykDAAAAMBAJ&printsec=frontcover#PPA59,M1
  13. Florian Cajori ([1929]1993). A History of Mathematical Notations (Vol. 2), 15-29.
  14. Arthur S. Aiton and Benjamin W. Wheeler (May 1931). "The First American Mint", The Hispanic American Historical Review 11(2), 198 and note 2 on 198.
  15. Nussbaum, Arthur (1957). A History of the Dollar. প্ৰকাশক New York: Columbia University Press. পৃষ্ঠা. 56.
  16. Riesco Terrero, Ángel (1983). Diccionario de abreviaturas hispanas de los siglos XIII al XVIII: Con un apendice de expresiones y formulas juridico-diplomaticas de uso corriente. Salamanca: Imprenta Varona, 350. ISBN 84-300-9090-8
  17. Bureau of Engraving and Printing. "'What is the origin of the $ sign?' in FAQ Library". http://www.moneyfactory.gov/faqlibrary.html আহৰণ কৰা হৈছে: December 14, 2010.
  18. Act of April 2, A.D. 1792 of the Senate and House of Representatives of the United States of America in Congress assembled, Section 9.
  19. Section 13 of the Act.
  20. United States Statutes at Large.
  21. Yeoman, RS. A Guide Book of United States Coins.
  22. Ewart, James E. Money — Ye shall have honest weights and measures.
  23. Herbert Appold Grueber. Handbook of the Coins of Great Britain and Ireland in the British Museum. http://books.google.co.uk/books?id=LESLAg3XguwC&pg=PA190&lpg=PA190&dq=thistle+dollar&source=bl&ots=PM985gd940&sig=D_IeSFxuPAu926hM5F53c58j4ag&hl=en&ei=lY7cTN7BCpO7hAe1ir3PAg&sa=X&oi=book_result&ct=result&resnum=9&ved=0CEYQ6AEwCA#v=onepage&q=thistle%20dollar&f=false.
  24. "Monetary Madhouse, Charles Savoie, 2005". Silver-investor.com. Archived from the original on 2012-02-27. https://web.archive.org/web/20120227014729/http://www.silver-investor.com/charlessavoie/cs_3-29-05_monetarymadhouse.htm আহৰণ কৰা হৈছে: 2012-03-25.
  25. Alongside Zimbabwean dollar (suspended indefinitely from 12 April 2009), Euro, Pound sterling, South African rand, Botswana pula, Australian dollar, Chinese yuan, Indian rupee and Japanese yen. The US Dollar has been adopted as the official currency for all government transactions.
  26. Wojtanik, Andrew (2005). Afghanistan to Zimbabwe. প্ৰকাশক Washington, DC: National Geographic Society. পৃষ্ঠা. 147.
  27. Although called Panamanian balboas, US dollars circulate as official currency, since there are no Balboa bills, only coins that are the same size, weight and value as their US counterparts.
  28. Adopted for all official government transactions